ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে অসমত গঢ়ি উঠিছে এটা কৃষি বিপ্লৱ
কোনো এন জি অ' নহয় । অংশীদাৰি প্ৰতিষ্ঠান অথবা প্ৰাইভেট কোম্পানীও নহয় । কেৱল বিশ্বাসৰ ওপৰত ভিত্তি কৰি এমুঠিমান লোক সংঘবদ্ধ হৈছে অসমত এক বিপ্লৱ আনিবলৈ । ৰাজনৈতিক বিপ্লৱ নহয় । টায়াৰ জ্বলাই পথ বন্ধ কৰি অথবা শিলগুটি দলিয়াই, যান-বাহন, ঘৰ-দুৱাৰ ধ্বংস কৰি সোণৰ অসম গঢ়িব খোজা আন্দোলনো নহয় । তেওঁলোকৰ বহুতেই ইজনে সিজনক আজিলৈকে লগো পোৱা নাই । কিন্তু উমৈহতীয়া লক্ষ্যৰ ভিত্তিত গঢ়ি উঠা বিশ্বাসৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কোনো কাগজ পত্ৰত লিখা লিখি নকৰাকৈ নিজা কিছু পুঁজি একগোট কৰি আৰম্ভ কৰিছে এই বিপ্লৱ । এই বিপ্লৱৰ লক্ষ্য অসমৰ কৃষি ক্ষেত্ৰলৈ এক নতুন যুগ অনা আৰু কৃষিৰ যোগেদি স্বাৱলম্বিতাৰ সপোন বাস্তবায়িত কৰা । এই আন্দোলনৰ গুৰি ধৰোঁতা ব্যক্তিজন হৈছে ৰঞ্জিত উপাধ্যায় ।
বিশ্বনাথ চাৰিআলিৰ গলিয়াৰ ৰঞ্জিত উপাধ্যায়ে অষ্টম শ্ৰেণীৰপৰাই নিজে পাণ দোকান দি পঢ়া শুনা কৰাৰ উপৰিও নিজ ভায়েক ভনীয়েকৰো পঢ়া শুনাৰ খৰচ বহন কৰিছিল । উচ্চতৰ মাধ্যমিক শিক্ষা শেষ কৰি তেওঁ বাঁহ, নাৰিকল, তামোল-পাণ আদি সামগ্ৰী অসমৰ বিভিন্ন ঠাইলৈ যোগান ধৰাৰ ব্যৱসায় প্ৰায় দুবছৰমান চলায় । কিন্তু ইয়াৰ পাছত এসময়ত কিবা এটা কাৰণত তেওঁৰ ব্যৱসায়ত লোকচান হোৱাত তেওঁ গাওঁ এৰি গুৱাহাটীলৈ গুছি আহে । গুৱাহাটীত প্ৰথমে এটা ব্যক্তিগত প্ৰতিস্থানত ছিকিউৰিটি গাৰ্ডৰ কামত সোমায় আৰু প্ৰতিস্থানটোৰ শিলিগুড়িৰ কাৰ্যালয়ত কাৰ্য নিৰ্বাহ কৰে । নিজ অধ্যৱসায়, বিচক্ষণতা আৰু পৰিশ্ৰমী স্বভাৱৰ বলত এসময়ত সেই প্ৰতিস্থানৰে এজন মেনেজাৰৰ পদলৈ উন্নীত হয় আৰু গুৱাহাটীলৈ ঘুৰি আহে । এই প্ৰতিস্থানত তেওঁ পাঁচ বছৰ চাকৰি কৰে ।
চাকৰি কৰি থকাৰ সময়তো কিন্তু ৰঞ্জিত উপাধ্যায়ৰ মনত অনবৰতে এটা কথা খেলাই থাকিছিল । সেইটো হ'ল কোনো চাকৰি নকৰি স্বাৱলম্বী হোৱা । "মই ভাবিছিলো যে ৫-৬ হাজাৰ টকাৰ কাৰণে মানুহে চাকৰি কৰাৰ কি প্ৰয়োজন ? আমি নিজাকৈ কিবা এটা কৰাতকৈ ভাল পদক্ষেপ একো হ'ব নোৱাৰে ।" তেওঁ কয় । কৃষিয়ে সদায়েই আকৰ্ষণ কৰিছিল তেওঁক । তেওঁৰ মনলৈ ভাৱ আহিল যে এই ক্ষেত্ৰত এটা সমূহীয়া প্ৰচেষ্টা গ্ৰহণ কৰিব পাৰি । কৰ্মসংস্কৃতিৰে নতুন গতি নামেৰে ফেচবুকত এটা গোট গঠন কৰিল ৰঞ্জিত উপাধ্যায়ে । ২০১৪ চনৰ কথা । এই গোটত কৃষি তথা স্বাবলম্বিতাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে বিভিন্ন ধৰণৰ কথা বতৰা আৰু আলোচনা চলিবলৈ ধৰিলে ।
অৱশেষত এনে ধৰণৰ কথা বতৰাৰপৰাই এদিন আৰম্ভ হ'ল আন এক যাত্ৰা । নিজৰ দুবিঘা মাটিত সমূহীয়াভাৱে কল খেতি কৰাৰ এক পৰিকল্পনা তেওঁ ডাঙি ধৰিলে ফেচবুকৰ গোটটোত । ইয়াৰ প্ৰতি সঁহাৰি জনাই আগবাঢ়ি আহিল আন ১৪ জন ব্যক্তি- শদিয়াৰ গোপাল কাফলে, ধেমাজিৰ হিৰকজ্যোতি ডেকা, আমগুৰিৰ মিঠুন টায়ে, পাঠশালাৰ ত্ৰিদিব ঠাকুৰীয়া, মৰাণৰ ৰাজেন চেতিয়া, ছিপাঝাৰৰ আব্দুল জলিল, নলবাৰীৰ সোণধন ডেকা, ঠেলামৰাৰ দক্ষিণা গজুৰেল, দুধনৈৰ দেৱব্ৰত ৰাভা, বিশ্বনাথ চাৰিআলিৰ বাবু বৰ্মন, মঞ্জিত গজুৰেল, গোলাঘাটৰ হেমন্ত মহন্ত, প্ৰবীণ দাস আৰু গোপাল তামাঙ । প্ৰত্যেকে ২০০০ টকাকৈ ৰঞ্জিত উপাধ্যায়ৰ বেংক একাউণ্টত জমা দিলে । ৰঞ্জিত উপাধ্যায়ে নিজেও দিলে সম পৰিমাণৰ ধন আৰু এই সমূহীয়া মূলধনেৰে আৰম্ভ হল কল খেতি । এয়া ২০১৬ চনৰ আৰম্ভণীৰ সময়ছোৱাৰ কথা ।এই কাম কাজবোৰৰ বাবেই কৰ্মসংস্কৃতি গোটলৈ অসম চৰকাৰৰ কৃষি বিপণন পৰিষদৰ তৰফৰপৰা এখন কৃষকৰ দোকান চলাবলৈ প্ৰস্তাৱ আহিল । উজান বজাৰত সেই দোকানখন বৰ্তমান চলাই গৈছে গোটটোৱে । লাহে লাহে এই প্ৰচেষ্টা তেওঁলোকে আন ঠাইলৈও বহলাই নি আছে আৰু বৰ্তমান অসমৰ কেইবাখনো ঠাইত তেওঁলোকৰ উদ্যোগত সম্পূৰ্ণ জৈবিক খেতি আৰম্ভ হৈছে ।
নিজৰ এই প্ৰচেষ্টা সম্পৰ্কে উপাধ্যায়ৰ মতামত- "আমি কোনো ধৰণৰ ধৰ্ণা প্ৰতিবাদ আদি নকৰাকৈ এক বিপ্লৱ আনিব খুজিছো আৰু অসমৰ বিভিন্ন প্ৰান্তৰৰ মানুহৰ সহযোগ পাইছো । আমালৈ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰৰপৰা এশৰো অধিক ব্যক্তিয়ে যোগাযোগ কৰিছে তেওঁলোকৰ মাটিত কৃষিকৰ্ম কৰাৰ বাবে ।"
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
প্ৰথমটো অসমীয়া ছাৰ্চ ইঞ্জিন: বিনায়ক শাণ্ডিল্যৰ sondhan.in
মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ
মালগাড়ীৰ গাৰ্ডৰূপে কাম কৰা ভাৰতৰ প্ৰথম মহিলা ইউ এইচ লক্ষ্মী